জি এম চি নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি অন্ত পৰিব। ২২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো উঠি পৰি লাগিছে। মুখ্যমন্ত্ৰীয়েই যোৱা তিনিটা দিনত ভাগ লৈছে ১০খনকৈ জনসভাত। কিন্তু প্ৰচাৰ অভিযানৰ শেষৰ দিনাই অতি কম সময়ৰ বাবে অহা এজাক বৰষুণতে ওলাই পৰিল গুৱাহাটীৰ প্ৰকৃত স্বৰূপ।
প্ৰায় ১৫মিনিটৰ এজাক বৰষুণতে মহানগৰীৰ ঠায়ে ঠায়ে সৃষ্টি হল কৃত্ৰিম বানৰ। প্ৰতিটো নিৰ্বাচনৰ সময়তে খোৱা পানী, কৃত্ৰিম বান মূল ইচ্ছ্যু হয় যদিও শেষত গৈ একো নহয়গৈ। প্ৰচাৰ অভিযানৰ সামৰণি দিনটোতে প্ৰকৃতিয়েও হয়তো ৰাজনৈতিক দলবোৰ কথা-কামৰ মাজত মিল নথকা কথাটো পুনৰ এবাৰ সোঁৱৰাই দিলে।