দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ২,০৬৭জন। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১২৪৭জন। অৰ্থাৎ ২৪ ঘণ্টাত প্ৰায় ৬৬ শতাংশ বাঢ়িছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ৰাজধানী দিল্লীত ২৪ ঘণ্টাত প্ৰায় ৪৩ শতাংশ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ হাৰ। লগতে বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি, বুধবাৰে ক’ভিডত আক্ৰান্ত হৈ দেশত ৪০ জনৰ মৃত্যু হৈছে। মঙলবাৰে সেই সংখ্যা আছিল মাত্ৰ ১। বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ৬৩২জন ক’ভিডত আক্ৰান্ত হৈছে। আনহাতে, কেৰালাত দৈনিক আক্ৰান্তৰ সংখ্যা প্ৰায় ৫০০ হৈছেগৈ।