বিহু বুলিলেই অসমীয়াৰ প্ৰাণ ৷ বিহু বুলি ক’লে প্ৰত্যেকগৰাকী অসমীয়াৰে গা সাতখন-আঠখন হয় ৷ কুলি-কেতেকীৰ পৰা আদি কৰি ঢোল-পেঁপাৰ মাত শুনিলে আনন্দত আত্মহাৰা হৈ পৰে প্ৰত্যেকজন অসমীয়া ৷ অসমত বাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে আছে বিহুৰ সুকীয়া পৰিচয় ৷
আজি ব’হাগৰ প্ৰথমটো বুধবাৰ ৷ আজিৰে পৰা আৰম্ভ হ’ল অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ বিহু ৷ প্ৰাচীন কালৰে পৰা মৰাণ জনগোষ্ঠীৰ লোক সকলে ব’হাগৰ প্ৰথমটো মঙলবাৰে উৰুকা,বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে ।
ব’হাগৰ প্ৰথমটো বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে গৰু বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বুধবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিতো উলাহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু ।