ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ মূল্য। মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ জনতাক। মিঠাতেলৰ মূল্য প্ৰতিলিটাৰত ১০ ৰ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ইয়াৰ মাজতে মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্য কৰে বিধায়ক অতুল বৰাই।
তেওঁ কয় যে, যিবোৰ বস্তুৰ দাম বাঢ়ে সেইবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। মই বজাৰৰ শাক-পাচলি নাখাঁও, বাৰীৰ শাক-পাচলি খাঁও। তেওঁ কয় যে, আজিকালি চাউল, শাক-পাচলি আদি সকলো ভেজাল। গতিকে কমকৈ খাব লাগে, মিঠাতেল মানুহে কমকৈ ব্যৱহাৰ কৰিব লাগে। বেছিকৈ ব্যৱহাৰ কৰে বাবে বেছি খৰছ হয়। আগতে যদি ১ লিটাৰ কিনিছিল এতিয়া আধা লিটাৰ কিনক।