কোনো কাৰণতে স্থগিত নহয় চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ এনইইটি পিজিৰ পৰীক্ষা । কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ । শুকুৰবাৰে এক শুনানিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত ৰখা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে লগতে কয় যে পৰীক্ষা পিছুৱাই যোৱাৰ লগে লগে চিকিৎসকৰ নাটনি হ’ব আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত লগতে কোৱা হৈছে যে পৰীক্ষা স্থগিত ৰখাৰ ফলত বিশৃংখলতা আৰু অনিশ্চয়তাৰ সৃষ্টি হ’ব আৰু পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা শিক্ষাৰ্থীসকলৰ বেছিভাগেই প্ৰভাৱিত হ’ব । বিচাৰপীঠে কয় যে ইয়াত দুটা শ্ৰেণীৰ শিক্ষাৰ্থী আছে । এটা অংশই পৰীক্ষা পিছুৱাই দিয়াটো বিচাৰিছে আৰু দুই লাখ ছয় হাজাৰতকৈ অধিক প্ৰাৰ্থীৰ এটা বৃহৎ অংশই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ পাছত পৰীক্ষা স্থগিত ৰাখিলে প্ৰভাৱিত হ’ব । ইফালে ক’ভিডৰ ফলত প্ৰভাৱিত হোৱা পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাইছে চৰকাৰে ।
উল্লেখ্য যে ২১ মে’ত অনুষ্ঠিত হ’ব এই পৰীক্ষা । একাংশ চিকিৎসকে পৰীক্ষা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । অৱশেষত এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত হ’ব স্নাতকোত্তৰৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা ।