ৰাজ্যত বিগত দিন কেইটাত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নৈ, উপনৈৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য কেইখনত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়িছে পাহাৰীয়া নৈ–উপনৈ সমূহো। সেয়েহে উজনিত বিপদজ্জনক ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বিপদসীমাৰে বৈ আছে। আনহাতে গুৱাহাটী মহানগৰীত পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।