ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। বানৰ কৱলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক। বিভিন্ন স্থানত খাদ্য, খোৱাপানী, বাসস্থানৰ সংকটে দেখা দিছে। বানাক্ৰান্তই ঢাপলি মেলিছে সুৰক্ষিত স্থানলৈ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ উপনৈ সমূহতো বৃদ্ধি পাইছে জলস্তৰ।
বানৰ সমান্তৰাল ভাৱে গৰাখহনীয়া, ভূমিস্খলনে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। শেহতীয়া তথ্য অনুসৰি বান, ভূমিস্খলনৰ ফলত ৰাজ্যত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।
এনে সমূহ পৰিস্থিতৰ বাবে বন্ধ কৰি দিয়া হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। ডিমা হাচাওৰ পৰিৱেশ অতি শোচনীয়। নগাঁও, ছিপাঝাৰ, হাফলং, শিলচৰ আদি বিভিন্ন জিলাত বানে কালৰূপ ধাৰণ কৰা দেখা গৈছে। বিভিন্ন স্থানত বানাক্ৰান্ত লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। একাংশ বান আক্ৰান্ত লোকে অভিযোগ কৰা অনুসৰি চৰকাৰে বৰ্তমানলৈকে কোনো ধৰণৰ সাহায্যৰ যোগান ধৰা নাই।