ডাঃ মুকুল হাজৰিকাক লণ্ডনৰ পৰা ভাৰতলৈ ঘূৰাই অনা সন্দৰ্ভত বৰ্তমান চৰ্চা চলি আছে। আলফাৰ সভাপতি ডাঃ মুকুল হাজৰিকাকে অভিজিৎ অসম বুলিও সন্দেহ কৰি অহা হৈছে। প্ৰকৃততে অভিজিৎ অসম কোন সেই সন্দৰ্ভত বিভিন্ন মহলত আলোচনা চলি থকাৰ সময়তে আলোচনা পন্থী আলফা অনুপ চেতিয়াই অভিজিৎ অসম সম্পৰ্কত শেহতীয়াকৈ প্রতিক্রিয়া প্ৰকাশ কৰিছে।
অনুপ চেতিয়াই কয় যে, অভিজিৎ অসম ভাৰতলৈ ঘূৰি অহাটো সহজ নহয়, কাৰন অভিজিৎ অসম এক কাল্পনিক চৰিত্রহে। ডাঃ মুকুল হাজৰিকা সন্দৰ্ভত তেওঁ কয় যে, ডাঃ মুকুল হাজৰিকাৰ লগত মই কেইবাবাৰো মিলিত হৈছো। তেওঁৰ যথেষ্ট বয়স হৈছে, তেওঁৰ বাবে কাৰাগাৰত থকাটো সহজ নহয়।
লগতে অনুপ চেতিয়াই কয় যে, আলফাৰ লগত কিমানদূৰ আলোচনা হৈছে মই নাজানো। আলফা আলোচনালৈ অহাটো মইও বিচাৰো।
আলফাত নতুনকৈ যুৱক-যুৱতীৰ যোগদান সন্দৰ্ভতো প্রতিক্রিয়া অনুপ চেতিয়াৰ। জাতীয়তাবাদ বিহীনভাৱে সশস্ত্র সংগ্রাম কোনেও কৰিব নোৱাৰে। বিভিন্ন সমস্যাৰ বাবে আলফালৈ গৈছে যুৱক-যুৱতীসকল। তৈল ক্ষেত্রত আলফাৰ কূটাঘাত সম্পৰ্কে মই নাজানো। আলফাই কি পৰিকল্পনা কৰিছে সেইটো কেৱল তেওঁলোকেহে জানে।