পূৰ্ব পৰিকল্পিত আছিল নেকি বট্ৰদৱাৰ থানা জ্বলোৱা কাণ্ড ! বটদ্ৰৱা থানা কাণ্ডই সমগ্ৰ ৰাজ্যকে জোঁকাৰি গৈছে। ইয়াৰ মাজতে ভাইৰেল হোৱা এটা ভিডিঅ’ই এই সন্দৰ্ভত সন্দেহৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, প্ৰথমে থানাৰ ভিতৰত থকা ফাইলত কোনো দুষ্কৃতিকাৰীয়ে কৰিছিল অগ্নিসংযোগ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা এজন মদাহীক পথৰ পৰা উঠাই অনাৰ পিছত শনিবাৰে আৰক্ষীৰ জিম্মাত থকাৰ সময়তে লোকজনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত সৃষ্টি হৈছিল লংকাকাণ্ড। বহু সংখ্যক লোকে বটদ্ৰৱা থানাত চলাইছিল ধ্বংসলীলা। প্ৰতিবাদৰ নামত ধ্বংসলীলা চলোৱা এইসকল লোকে থানাৰ বিভিন্ন সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে থানা চৌহদত অগ্নিসংযোগ কৰিছিল। এই অগ্নি সংযোগৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু স্পষ্টভাৱে দেখা গৈছে এগৰাকী মহিলাই এই অগ্নি সংযোগ কৰিছে আৰু লগতে বহু লোকে হাতত পেট্ৰ’লৰ বটল লৈ আহি থানা জ্বলাবলৈ চেষ্টা কৰিছে।
শেহতীয়াকৈ আন এক ভিডিঅ’ পোহৰলৈ আহিছে। প্ৰতিবাদৰ নামত চলা ধ্বংসলীলাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে থানাৰ ভিতৰত থকা বিভিন্ন নঠি-পত্ৰ তথা ফাইলসমূহত অগ্নি সংযোগ কৰিছিল। ফাইলসমূহ জ্বলাই দি পূৰ্বৰ ৰেকৰ্ড ধ্বংস কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে। ইফালে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জেহাদী থকাৰো সন্দেহ প্ৰকাশ কৰিছে। ধ্বংসকাৰীৰ মাজতে আৰক্ষীয়ে দেখা পাইছে কেইবাজনো ড্ৰাগছ ব্যৱসায়ী তথা অপৰাধী। তাৰ মাজতে থানাৰ ভিতৰত প্ৰথমে ফাইলসমূহ জ্বলাই দিয়াৰ এই ভিডিঅ’ পোহৰলৈ অহাত এতিয়া প্ৰায় নিশ্চিত হৈছে যে, পূৰ্ব পৰিকল্পিত ভাৱে একাংশ দুষ্কৃতিকাৰীয়ে আহি থানাৰ ভিতৰত ৰেকৰ্ড ধ্বংসৰ বাবে ফাইলত অগ্নি সংযোগ কৰিছিল।