যুদ্ধ বিৰতি চুক্তিৰে সুদীৰ্ঘ ২৪ বছৰ ধৰি ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা কৰিও সমাধান কৰিবলৈ সক্ষম নোহোৱাত সম্প্ৰতি নগা বিদ্ৰোহী সংগঠন NSCN(IM) পুনৰ কেন্দ্ৰৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহী নহয় বুলি মন্তব্য কৰিছে নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নগা ৰাজনৈতিক বিষয়ৰ সংসদীয় কৰ কমিটিৰ সহ সমন্বয়ক টি আৰ জেলিয়াঙে। উল্লেখ্য যে,ৰবিবাৰে ছুমুকেডিমাৰ আৰক্ষী কমপ্লেক্স হলত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ অধ্যক্ষতাত NSCN(IM) আৰু চৰকাৰৰ সংসদীয় কৰ কমিটিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।
উক্ত বৈঠকত শেহতীয়াকৈ নতুন দিল্লীত নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ আৰু NSCN ৰ সামূহিক নেতৃত্বত হোৱা আলোচনাত সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়ক লৈ হোৱা আলোচনাত সমাধানৰ কোনো অগ্ৰগতিৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত কেম্প হেব্ৰনলৈ উভতি আহে। ইয়াৰ পিছতে NSCN এ ভাৰত চৰকাৰৰ সৈতে পুনৰ আলোচনা কৰিবলৈ অনিচ্ছুকতা প্ৰকাশ কৰাৰ লগতে আলোচনা বন্ধ কৰিবলৈ লোৱা বুলি অৱগত কৰে। এই আলোচনাত অংশগ্ৰহণ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে নেইফিউ ৰিঅ,উপমুখ্যমন্ত্ৰী ৱাই পেট্টন, জি কাইটো আয়ে টি আৰ জেলিয়াঙে আনহাতে এন এছ চি এনৰ হৈ অৱসৰপ্ৰাপ্ত সেনা জেনেৰেল ভি এছ এটেম,আৰ এইছ ৰাইজিঙ,টি টি অমংগ ভিকি অৱমী,এন ভেনুহ,আৰ টি টছংলাও আৰু নগা আৰ্মিৰ সেনাধ্যক্ষ এন্থনি ছিমৰে। অৱশ্যে এই বৈঠকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে NSCN(IM)।
আনফালে NSCN(IM) এ ভাৰত চৰকাৰৰ শেহতীয়া স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ মেত ডিমাপুৰৰ কেম্প হেব্ৰনত জৰুৰী নেচনেল এছেম্বলী আহবান কৰিছে। এই নেচনেল এছেম্বলী লৈ নাগালেণ্ডৰ সকলো মণ্ডলৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। জানিব পৰা মতে, এই নেচনেল এছেম্বলীত এন এছ চিনৰ মুৰব্বী থুইংগালেঙ মুইভাই ইণ্ডো -নাগালেণ্ড ৰাজনৈতিক আলোচনাৰ সন্দৰ্ভত বক্তব্য ৰাখিব।