আজি দেশজুৰি পেট্ৰ’ল ডীলাৰ্ছসকলে দিনজোৰা ধৰ্মঘট পালন কৰিব। ডীলাৰছৰ কমিছন বৃদ্ধি কৰাৰ দীৰ্ঘদিনীয়া দাবীত পেট্ৰ’ল পাম্পসমূহে তৈল বিপণন কোম্পানীৰ পৰা পেট্ৰ’ল-ডিজেল ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে ধৰ্মঘট কৰিলেও পেট্ৰ’ল পাম্প সমূহ স্বাভাৱিকভাৱে খোলা থাকিব। কেৱল চৰকাৰৰ পৰা ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিব।
উল্লেখনীয় যে, পেট্ৰ’ল-ডিজেলৰ দাম কম কৰাৰ লগে লগে পেট্ৰ’ল -ডিজেলৰ পাম্পৰ গৰাকীসকল কেইবাকোটি টকাৰ লোকচানৰ সন্মুখীন হবলগীয়া হয়। কিয়নো উচ্চ দামত ক্ৰয় কৰা ইন্ধন কম দামত বিক্ৰী কৰিব লগাত পৰে।