ক্ৰমাৎ বিপদ বাঢ়ি আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ। কিছুদিন পূৰ্বে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই প্ৰাক্তন সমন্বয়কগৰাকীৰ বিৰুদ্ধে CIDত এটা গোচৰ তৰিছিল। অৱশ্যে হাজেলাৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয়। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ নামত হাজেলাই কোটি কোটি টকা আত্মসাৎ কৰাৰ লগতে নাগৰিকপঞ্জীত প্ৰকৃত ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰ পৰিবৰ্তে বহুসংখ্যক বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠি আহিছিল।
অনুৰূপ অভিযোগ উত্থাপন কৰি বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই অলপতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত এটা গোচৰ ৰুজু কৰিছিল যদিও এই পৰ্যন্ত কেতবোৰ কাৰিকৰী জটিলতাৰ বাবে চি আই ডিয়ে আৰম্ভ কৰিব পৰা নাই তদন্ত। কিয়নো যিকোনো ভাৰতীয় প্ৰশাসনিক বিষয়া (IAS) ৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হ’লে প্ৰথমেই প্ৰয়োজন চৰকাৰৰ অনুমোদনৰ।
প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ হাজেলাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ চি আই ডিয়ে অনুমতি বিচাৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। গৃহ বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পিছতেই চি আই ডিয়ে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰম্ভ কৰিব তদন্ত। উল্লখ্য যে, এন আৰ চি প্ৰস্তুতৰ নামত ব্যাপক জালিয়াতি সংঘটিত কৰাৰ পিছতেই আই এ এছ বিষয়া প্ৰতীক হাজেলাই ডেপুটেছন লৈ অসম ত্যাগ কৰিছিল।