গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি কাৰ্যালয়ৰ সমীপত বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ৪০ টা গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত উৎপল বাদল বৰুৱাই কয় ‘গছ অবিহনে প্ৰকৃতিৰ কথা কল্পনাই কৰিবই নোৱাৰি। তেনেস্থলত আমাৰ কৰিবলগীয়া তেনেই নগন্য, আৰু সেয়া হৈছে আমি প্ৰকৃতিক সুৰক্ষা কৰিবলৈ গছ ৰোপণৰ লগতে দৈনন্দিন প্লাষ্টিকৰ ব্যৱহাৰ এৰি চলিব লাগিব।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ কমাণ্ডেন্ট লাল মোহন ঠাকুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আগমন কক্ষত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীক প্ৰায় ৪০০ ফুলৰ গছ টাবসহ বিতৰণ কৰা হয়। আনহাতে যাত্ৰী সকলৰ মাজত বিশ্ব পৰিবেশ দিৱসৰ লগত সম্পৰ্ক থকা কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।