পয়গম্বৰ হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি নিলম্বিত হ’বলগীয়া হ’ল বিজেপিৰ মুখপাত্র নূপুৰ শৰ্মা। ৰবিবাৰে বিজেপি দলৰ নেতৃত্বই পদৰ পৰা নূপুৰ শৰ্মা আৰু নবীন জিন্দালক অপসাৰণ কৰিছে। দুয়োগৰাকী মুখপাত্ৰক দলৰ প্রাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছে বুলি বিজেপিৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিজেপি নেত্রী নূপুৰ শৰ্মাই। নূপুৰ শৰ্মাৰ এই মন্তব্যক কেন্দ্ৰ কৰি উত্তপ্ত হয় কাণপুৰ। কাণপুৰ অঞ্চলত শিলগুটি দলিওৱা, দোকান তথা অন্যান্য প্রতিষ্ঠান ভঙা আদিৰ দৰে বিভিন্ন অপ্রীতিকৰ ঘটনা সংঘটিত হয়। এই সংঘৰ্ষত জড়িত ১৮জন লোকক গ্রেপ্তাৰো কৰা হৈছে।
বিজেপিৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে কোনো ধর্ম বা ধর্মীয় ব্যক্তিৰ প্ৰতি অসন্মানজনক মন্তব্যৰ পক্ষপাতী নহয় দল। অৱশ্যে দলটোৱে এই সন্দৰ্ভত কোনো বিশেষ ঘটনাৰ কথা উল্লেখ কৰা নাই। কিন্তু এই বিবৃতি প্ৰকাশ কৰাৰ কিছু সময় পিছতেই দলৰ প্রাথমিক সদস্য পদৰ পৰা নূপুৰ শৰ্মাৰ লগতে নবীন জিন্দালকো নিলম্বন কৰা বুলি ঘোষণা কৰা হয়।