মহানগৰীৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ দেওবাৰে নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰে। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল, মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে আমোলা-বিষয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বহু স্থান পৰিদর্শন কৰে। জনতা ভৱনৰ পৰা পোনে পোনে জি এছ ৰোডেৰে হ্যামাইল হৈ খানাপাৰা আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লখৰা, বৰাগাঁও, গড়চুক হৈ জালুকবাৰীত উপস্থিত হয়।
Visited various localities of Guwahati to make on-the-spot assessment of various issues esp citizens’ safety and condition of streetlights.
Immediate steps will be taken to install more streetlights, while under-construction flyovers will be completed within stipulated time. pic.twitter.com/UITYHVBOG3
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 5, 2022
জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মালিগাঁও, আদাবাৰী, ফাঁচীবজাৰ আৰু গুৱাহাটী ক্লাব হৈ চানমাৰি, বামুণীমৈদাম, নুনমাটিৰে ডি আই পি ৰোডেৰে ছয়মাইলত উপস্থিত হয়। ছয়মাইলৰ পৰা পুনৰ জি এছ বোডেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উলুবাৰী হৈ আৰ জি বৰুৱা ৰোডৰ বিভিন্ন স্থান পৰিদর্শন কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথৰ ষ্ট্ৰীট লাইটৰ লগতে অন্যান্য সমস্যাৰ বুজ লোৱাৰ উপৰি গুৱাহাটী মহানগৰীত চলি থকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মালিগাঁও উৰণ সেঁতুৰ নিৰ্মাণকাৰ্যৰ অগ্রগতি সম্পৰ্কে বুজ লোৱাৰ লগতে গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক বাছআস্থান, গুৱাহাটী পৌৰ নিগম আৰু অৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথ পৰিদর্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় দুঘণ্টা সময় ভ্ৰমণ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম-কাজৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়, ‘আজি মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াক লৈ প্রায় দুঘণ্টা সময় গুৱাহাটীৰ মূল পথসমূহ ঘূৰিছোঁ আৰু কিছু বাস্তা ঘূৰিবলৈ বাকী আছে। গুৱাহাটী মহানগৰীৰ প্ৰায় ৩০ শতাংশ স্ত্রীট লাইট আজিও বিকল হৈ আছে। অৱশ্যে আজি মই আহিম বুলি কিছু লাইট জ্বলিছে। গুৱাহাটীৰ ষ্ট্ৰীট লাইটসমূহ কিদৰে জ্বলিব আৰু ইয়াক কিদৰে পৰিচালনা কৰা হ’ব সেইক্ষেত্ৰত জি এম চিৰ কোনো পৰিকল্পনা নাই। আজি মোৰ লগত পৌৰ আয়ুক্তৰ লগতে বহু বিভাগীয় বিষয়া উপস্থিত থাকে আৰু অহা দুই- তিনি মাহৰ ভিতৰত গুৱাহাটীৰ ষ্ট্ৰীটলাইটসমূহ ভাল অৱস্থালৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব।’