আগন্তুক দিনবোৰত উত্তৰ-পূব অংশত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ইতিমধ্যে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আনহাতে, দিল্লীত প্ৰচণ্ড ৰ’দ, প্ৰচণ্ড গৰম আৰু তাপ প্ৰবাহে স্বাভাৱিক জীৱনক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। দিল্লীত Orange Alert, হাৰিয়ানা, পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত প্ৰচুৰ তাপ প্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰি আছে। দিল্লীত তাপমাত্ৰা ৪৪ ৰ পৰা ৪৭ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰি দিনৰ বাবে বতৰ একে থাকিব পাৰে বুলি জনাইছে।
ভাৰতীয় বতৰ বিজ্ঞানৰ মতে, সমগ্ৰ উত্তৰ ভাৰতত প্ৰচণ্ড গৰমৰ লগতে বিভিন্ন স্থানত ধুলিৰ ধুমুহা, পাতল বৰষুণ আৰু আৰ্দ্ৰতাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূব অংশত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।