ড্ৰাগছে যেন ছানি ধৰিছে সমগ্ৰ ৰাজ্য। ড্ৰাগছ মাফিয়াই নিতৌ ন ন কৌশল ব্যৱহাৰ কৰি ড্ৰাগছৰ বেহা চলাই আহিছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীকো ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্য়ৱহাৰ কৰাৰ দৰে ভয়ংকৰ বাতৰি আহি পৰাৰ সময়তে এইবাৰ আৰক্ষীৰ পুত্ৰও নামি পৰিল ড্ৰাগছ সৰবৰাহত! অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কিছুমান ভয়ংকৰ তথ্য৷ ড্ৰাগছ সৰবৰাহত নামি পৰিছে আৰক্ষীৰ সন্তান৷ বিহপুৰীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী দুই আৰক্ষী জোৱানৰ পুত্ৰক ৷
ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ৬ টা ড্ৰাগছৰ কনন্টেইনাৰ সহ ৩.২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে ৷ সৰবৰাহকাৰী কেইটা বিহপুৰীয়াৰ আৰক্ষী জোৱান ক্ৰমে বাবুল বৰাৰ পুত্ৰ ভাস্কৰজ্যোতি বৰা(২১) আৰু সান্দহখোৱাৰ পুলিন বৰাৰ পুত্ৰ নৱজ্যোতি বৰা (২৯) ৷ বিহপুৰীয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত চলা অভিযানত সৰবৰাহকাৰী দুজনে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 07 H 4654 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে ৷