মাইক্ৰছফ্টে আজি ইয়াৰ ৱেব ব্ৰাউজাৰ, ইণ্টাৰনেট এক্সপ্ল’ৰাৰ, আত্মপ্ৰকাশ কৰাৰ ২৭ বছৰ পিছত আনুষ্ঠানিক ভাৱে বন্ধ কৰিছে। আজিৰ পৰা আৰম্ভ কৰি, যিসকলে এপ্লিকেচনটো খুলিবলৈ চেষ্টা কৰে তেওঁলোকক কোম্পানীৰ শেহতীয়া ব্ৰাউজাৰ মাইক্ৰছফ্ট এডজলৈ নিৰ্দেশিত কৰা হ’ব।
ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ১৯৯৫ চনত উইণ্ড’জ ৯৫-ৰ বাবে এড-অন পেকেজ হিচাপে মুকলি কৰা হৈছিল। ইণ্টাৰনেটৰ নেটিজেনৰ বহু স্মৃতি বিজড়িত হৈ আছিল এই ইণ্টাৰনেট এক্সপ্ল’ৰাৰৰ সৈতে ৷