অগ্নিপথ আঁচনিয়ে জ্বলাইছে দেশ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনি ঘোষণা কৰাৰ পিছৰে পৰা দেশৰ বহু কেইখন ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে বহু সংখ্যক ৰে’লত অগ্নি সংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে। বিহাৰত এই প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ। দেশৰ যি কেইখন ৰাজ্যত এই আঁচনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে তাৰ ভিতৰত বিহাৰ শীৰ্ষত আছে। বিহাৰত বৰ্তমানলৈকে মুঠ ৫ খন ৰে’লত অগ্নি সংযোগ কৰিছে আৰু ৰে’লৱেৰ সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছে। একে সময়তে বিহাৰত ৰাজ্যিক বিজেপিৰ সভাপতি সঞ্জয় জয়ছোৱালৰ ঘৰত চিলিণ্ডাৰেৰে আক্ৰমণ কৰা হৈছে। একেদৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰতো অনুৰূপ ধৰণে আক্ৰমণৰ খবৰ প্ৰকাশ পাইছে।
বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছোৱালৰ ঘৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই এটা গেছৰ চিলিণ্ডাৰ দলিয়াই দিয়ে আৰু এই চিলিণ্ডাৰ অগ্নি সংযোগক হৈ বিস্ফোৰিত হয়। এই সন্দৰ্ভত ড০ সঞ্জয় জয়ছৱালে কয় যে- “মই মোৰ ঘৰত হোৱা আক্ৰমণৰ অপৰাধীসকলক চিনি পাওঁ। সকলো দুৰ্বৃত্ত চিচিটিভিত বন্দী হৈছে। মোৰ ঘৰটো কেৰাচিন তেল, মবিলৰে জ্বলাবলৈ চেষ্টা কৰা হৈছে। চিলিণ্ডাৰ বোমাৰে ঘৰটো উৰুৱাবলৈ চেষ্টা কৰা হৈছিল। আৰক্ষীৰ ফালৰ পৰা কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই। যদি পুলিচ কঠোৰ হ’লহেঁতেন, মোৰ ঘৰত আক্ৰমণ নহ’লহেঁতেন। গোটেই ঘৰ আক্ৰমণৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে।” আনহাতে দুৰ্বৃত্তই বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ বাসগৃহত শিল দলিওৱাৰ লগতে গুলী চালনাও কৰে। ফলত উপ-মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰৰ গ্লাছ ভাঙিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। উপ-মুখ্যমন্ত্ৰী গৰাকীৰ এই ঘৰটোত ভাড়াতীয়া থাকে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে- ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছতো আৰক্ষী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱা নাই।
উল্লেখ্যে যে অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ সেনা বাহিনীত ৪ বছৰৰ বাবে অগ্নিবীৰ নিয়োগ কৰা হ’ব। তেওঁলোকৰ চাকৰিৰ সময়সীমা হ’ব ৪ বছৰ। সেনা বাহিনীত ভৰ্তি হ’বলৈ বিচৰা যুৱকসকল ইয়াতেই অসন্তুষ্ট হৈ পৰিছে। তেওঁলোকে আশংকা কৰিছে এই আঁচনিৰ জৰিয়তে নিয়মীয়া ভৰ্তি বন্ধ কৰিব বিচৰা হৈছে। ইফালে যোৱা ২ টা বছৰ ধৰি ভাৰতীয় সেনাৰ নিয়মীয়া ভৰ্তিও বন্ধ হৈ আছে। ফলত সেনাত ভৰ্তি হ’বলৈ প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীয়ে এই আঁচনিৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।