অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে, কামৰূপ, কামৰূপ গ্ৰাম্যৰ ছয়গাঁও, ৰামপুৰ, নহিৰা, জিয়াকুৰ, কুকুৰমাৰা আনহাতে বকো আদি অঞ্চললৈ বিশেষ ভাবে সতৰ্ক বাণী জাৰি কৰিলে মেঘালয় চৰকাৰে ৷
মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে পানী এৰিবলৈ বাধ্য হ’ব বুলি জাননী পেৰণ কৰিছে। যিকোনো মূহুৰ্ততে পানী এৰি দিব মেঘালয়ে৷