কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই অসম চৰকাৰে লোন লোৱা সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘‘ঋণ কাক দিয়ে, যিয়ে পৰিশোধ কৰিব পাৰে। আমাৰ GDP চাই লওক, ঋণ পৰিশোধৰ সময় আমাৰ কেতিয়াও হীন-দেড়ি হোৱা নাই। মুখ্যমন্ত্ৰীয়ে সময়মতে ঋণ পৰিশোধ কৰি আছে।’’
মুখ্যমন্ত্ৰীয়ে একঁকাল পানীত বানপীড়িতৰ খবৰ লোৱাৰ সময়ত ভূপেন বৰা ক’ত আছিল বুলি প্ৰশ্ন কৰে। দিগন্ত কলিতাই কয়, অসমৰ বানপানীৰ সময়ত ভূপেন বৰা দিল্লীত গান্ধী পৰিয়াল বচাও অভিযানত জড়িত হৈ আছিল, এইদৰে ভূপেন বৰাক কটাক্ষ কৰে দিগন্ত কলিতাই।
কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে।