বৰপেটাৰ সাংসদ আব্দুল খালেকে খিলঞ্জীয়াৰ সংজ্ঞাক লৈ প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে খিলঞ্জীয়া হয় নে নহয় তাক আগতে স্পষ্ট কৰক, কনৌজৰ পৰা অহা সকল যদি খিলঞ্জীয়া হয়, তেন্তে তদানীন্তন ভাৰতবৰ্ষৰ মৈমনসিঙৰ পৰা অহা সকল কিয় খিলঞ্জীয়া নহব বুলি প্ৰশ্ন কৰি ইয়াৰ সমাধান হব লাগিব বুলিও দাবী কৰে। লগতে ছৈয়দ বুলি কোনো জনগোষ্ঠী আছে বুলি তেওঁ নাজানে বুলি কৈ খিলঞ্জীয়াৰ স্বীকৃতি দিয়া সকলৰ কি লাভ হব সেই কথাও স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায়।
ইফালে, সাংসদ মৌলানা বদৰুদ্দিন আজমল সম্পৰ্কে প্ৰতিক্ৰিয়া দিবলৈ বিশেষ প্ৰয়োজন নাই বুলি উল্লেখ কৰি আজমলে মন্দিৰ দৰ্শন কৰি ধৰ্মনিৰপেক্ষ হবলৈ যত্ন কৰি আছে বুলি কটাক্ষ কৰে। বৃহস্পতিবাৰে কলগাছিয়াৰ কৰাৰকুৰ বেকী নদীৰ পাৰত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে।