বৰষুণৰ বতৰত সকলোৱে একাধিক ৰোগত ভুগি আছে। বিশেষকৈ চৰ্দি, জ্বৰ আৰু পেটৰ সমস্যা। ঔষধ গ্ৰহণ কৰাৰ পিছত আপুনি ৰোগটোৰ পৰা পৰিত্ৰাণ পায়। কিন্তু, যদি আপুনি সদায় ঔষধৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে, পুষ্টিবিদসকলে বাৰিষাৰ সময়ত আহাৰ গ্ৰহণত সামান্য পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই সময়ছোৱাত ৰোগৰ সমস্যা পৰিহাৰ কৰিবলৈ তেওঁলোকে কিছুমান খাদ্য পৰিহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
সেইবোৰ পৰামৰ্শ কি কি? আপুনি জানেনে?
১) পালেং শাক, ফুলকবি, বন্ধাকবি, কেপচিকাম, এনেধৰণৰ সেউজীয়া পাচলি পৰিহাৰ কৰিব। বৰষুণৰ বতৰত এনে পাচলিৰ খেতিৰ ভাল হোৱাৰ বাবে বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এনেধৰণৰ পাচলি অত্যাধিক সেৱনৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে।
২) বহুলোকে কাঠফুলা খাবলৈ ভাল পায়। গৰম চুপ হওঁক বা তৰকাৰী হওঁক, বহুলোকে কাঠফুলাৰ ব্যঞ্জন ভাল পায়। কিন্তু, পুষ্টিবিদসকলে বৰষুণৰ বতৰত কাঠফুলা খাবলৈ নিষেধ কৰা হৈছে। ইয়াৰ ফলত পেটৰ বিকাৰ হ’ব পাৰে।
৩) ৰাস্তাৰ কাষত যিকোনো তেলেতীয়া, মচলাযুক্ত খাদ্য খোৱা পৰিহাৰ কৰিব। ইয়াৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণো হ’ব পাৰে।
৪) চিকিৎসকে তৃষ্ণা পূৰণ কৰিবলৈ অত্যাধিক কোমল পানীয়, ৰঙীন পানীয় নাখাবলৈ পৰামৰ্শ দিয়ে। ইয়াত কাহ, চৰ্দিৰ সমস্যা নিয়ন্ত্ৰণত থাকিব। পেটৰ বিকাৰৰ কোনো আশংকা নাথাকিব।