আজি পুৱা ১০ বজাত CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) ইয়াৰ অফিচিয়েল ৱেবছাইট, cbseresults.nic.in আৰু results.cbse.nic.in দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছে।
উল্লেখ্য যে, এই বছৰ, দ্বাদশ শ্ৰেণীত সৰ্বমুঠ ১৪৫৪৩৭০ গৰাকী ছাত্ৰ-ছাত্ৰী উক্ত পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯২,৭২%।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ ব’ৰ্ড পৰীক্ষাৰ ৰোল নম্বৰ, জন্ম তাৰিখ আৰু বিদ্যালয় কোড ব্যৱহাৰ কৰি এই ৱেবছাইটবোৰৰ পৰা তেওঁলোকৰ স্কোৰকাৰ্ড লাভ কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটবোৰৰ উপৰিও, results.gov.in আৰু digilocker.gov.in স্কোৰকাৰ্ড উপলব্ধ হ’ব।