গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গোলাঘাট জিলাত। গোলাঘাটৰ আঠখেলীয়া বৰকছাৰীত ছোৱাইন ফিভাৰত শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন। বৰ্তমান জিলাখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে গাহৰিৰ মাংস বিক্ৰী আৰু প্ৰচলন।
কিন্তু এচাম দুষ্ট চক্ৰই গোলাঘাটৰ পৰা গাহৰিসমূহ কিনি যোৰহাট জিলাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সেয়েহে যোৰহাট জিলাতো সম্পূৰ্ণৰূপে গাহৰি মাংস বন্ধ কৰাৰ দাবী জনাইছে সচেতন ৰাইজে।