বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী ড০ টেড্ৰোছ অধানমে জনাইছে যে, বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই মাংকীপক্স ৰোগক বিশ্ব স্বাস্থ্য জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিছে। বৰ্তমান এই ৰোগ বিশ্বৰ ৭০ খন দেশলৈ বিয়পি পৰিছে। সেয়েহে এই ৰোগক গোলকীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ বিকল্প নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে ড০ অধানমে।
🚨 BREAKING:
"For all of these reasons, I have decided that the global #monkeypox outbreak represents a public health emergency of international concern."-@DrTedros pic.twitter.com/qvmYX1ZBAL— World Health Organization (WHO) (@WHO) July 23, 2022
উল্লেখ্য যে, ইতিমধ্যে ভাৰতৰ কেৰালাত ৩ জনকৈ লোকৰ দেহত ধৰা পৰিছে এই ৰোগ। অৱশ্যে তেওঁলোক তিনিওজনৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ।