আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰিব। এগৰাকী সাধাৰণ মহিলাৰ পৰা ক্ৰমান্বয়ে আগুৱাই আহি বিধায়িকা, মন্ত্ৰী, ৰাজ্যপালৰ পিছত দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্ৰৌপদী মুৰ্মূ হ’ব দেশৰ প্ৰথমগৰাকী ট্ৰাইবেল ৰাষ্ট্ৰপতি।
স্বাধীনতাৰ পৰৱৰ্তী সময়ত জন্মগ্ৰহণ কৰা দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে। তেওঁ হ’ব দেশৰ আটাইতকৈ কনিষ্ঠতম ৰাষ্ট্ৰপতি। উল্লেখ্যে যে আজি পুৱা ১০-৩০ বজাত সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠান।
দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীক্ষ এন ভি ৰমন্নায় দ্ৰৌপদী মুৰ্মূৰ শপত বাক্য পাঠ কৰোৱাব। ২১ জাঁই টোপধ্বনিৰে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক সন্মান জনোৱাৰ পিছতেই তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰিব।