শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি জনাইছে যে পূৰ্বতে শিক্ষকৰ বদলিৰ হাজাৰ হাজাৰ ফাইল দিছপুৰত পৰি আছিল কিন্তু এতিয়া মাত্ৰ ২ টা দিনতে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ অনলাইন পৰ্যায়ৰ জৰিয়তে বদলিৰকৰণৰ কাম সম্পন্ন কৰা হৈছে। এটা প’ৰ্টেলৰ জৰিয়তে শিক্ষকসকলক বদলি কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব।
We have issued mutual transfer order to 7,716 teachers through our teacher transfer portal (https://t.co/ZdKyqrgMsy) in the first phase of the order in just two days. The second phase will begin tomorrow. @himantabiswa
— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) July 26, 2022
এই সন্দৰ্ভত তেওঁ পুনৰ কয় যে, কাকো সাক্ষাৎ নকৰাকৈ, তামোল এখনো নোখোৱাকৈ অনলাইন পৰ্টেলৰ জৰিয়তে বদলিকৰণৰ কাম সম্পন্ন হৈছে।তেওঁ কয় এতিয়া আঙুলিৰ মূৰত এতিয়া ছেবাৰ ৰিজাল্ট, মাৰ্কশ্বিটৰ ব্যৱস্থা কৰা হৈছে। অনলাইন শিক্ষাৰ বাবে অন্তঃগাঁথনিৰ কাম চৰকাৰে কৰি আছে। ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে শিক্ষা বিভাগে ডিভাইচ দিয়াৰো ব্যৱস্থা কৰিছে।
আনহাতে শিক্ষামন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। ইয়াৰ বাবে এইবাৰ ধন ধাৰ্য কৰা হৈছে। শিক্ষা বিভাগে নিজাকৈ বাইজুচৰ দৰে শিক্ষণ এপ প্ৰস্তুত কৰি আছে। এই এপৰ জৰিয়তে গণিত, বিজ্ঞান, ইংলীছৰ শিক্ষআ প্ৰদান কৰা হ’ব। ‘শিকন’ নামৰ এই নতুন এপ খুব সোনকালেই মুকলি কৰা হ’ব।
বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত তেওঁ স্পষ্টকৈ জনাইছে যে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশীকীকৰণ কৰা নহয়। কেৱল বিদ্যালয় প্ৰাদেশিকীকৰণ আইন -২০১৭ ৰ আওতাত যিসমূহ বিদ্যালয় আহিব সেই বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰা হ’ব।
আনহাতে বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ১০০ তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় ৰাজ্যত প্ৰায় এক হাজাৰখন আছে। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’ব।