ভাৰতৰ আগশাৰীৰ ব্ৰেণ্ড LG ইলেক্ট্ৰনিকছ চলিত বছৰটোৰ জানুৱাৰীৰ পৰা জুনৰ সময়ছোৱাত প্ৰায় ১ নিযুতৰো অধিক ডুৱেল ইনভাৰ্টাৰ এয়াৰ কণ্ডিচনাৰ বিক্ৰী সম্পূৰ্ণ কৰা প্ৰথম আৰু একমাত্ৰ ব্ৰেণ্ড হৈ পৰিছে। বিগত বছৰবোৰত, এলজি এচিয়ে শক্তি-দক্ষ সামগ্ৰীৰ সৈতে গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰি আৰু ভৱিষ্যতৰ সেউজীয়া আৰু পৰিষ্কাৰৰ বাবে এক ইতিবাচক পাৰিপাৰ্শ্বিক প্ৰভাৱৰ দিশত অৰিহণা যোগাই AC উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
২০১৬ চনত, LG ইলেক্ট্ৰনিক্সে ইনভাৰ্টাৰ এচি শ্ৰেণীৰ ১০০% পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই সিদ্ধান্তৰ মূল কাৰণ আছিল ভৱিষ্যত প্ৰযুক্তি প্ৰৱৰ্তন কৰা আৰু বিদ্যুতৰ সঞ্চয় নিশ্চিত কৰা। সেই সময়ছোৱাত আনুমানিক, ভাৰতত ইনভাৰ্টাৰ ACৰ অংশ আছিল মাত্ৰ ১২%, আনহাতে বহুতো উন্নত দেশত ই ৫০% তকৈ অধিক আছিল। সেয়েহে এলজি-য়ে ডুৱেল ইনভাৰ্টাৰ প্ৰযুক্তিৰ সৈতে এচি প্ৰৱৰ্তন কৰে যি পৰম্পৰাগত এচিতকৈ যথেষ্ট কম বিদ্যুৎ ব্যৱহাৰ কৰে আৰু একে সময়তে ই ব্যৱহাৰযোগ্যতা আৰু কাৰ্যক্ষমতাৰ এক নিৰন্তৰ মিশ্ৰণ।
এই সফলতা সন্দৰ্ভত মন্তব্য কৰি এলজি ইলেক্ট্ৰনিকছ ইণ্ডিয়াৰ হোম এপ্লায়েন্স আৰু এয়াৰ কণ্ডিচনাৰৰ ভিপি দীপক বনচালে কয়, “এয়াৰ কণ্ডিচনিং শাখাত, আমি বেছিভাগ শক্তি দক্ষ আৰু উন্নত শীতলীকৰণ সমাধান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই দৃষ্টিভংগীৰ ওপৰত আধাৰিত কৰি এলজিয়ে ইয়াৰ সমগ্ৰ AC বিভাগটো ইনভাৰ্টাৰ প্ৰযুক্তিলৈ স্থানান্তৰিত কৰিছে। আমাৰ বাবে, মুখ্য সফলতাৰ কাৰক হৈছে গ্ৰাহকসকলে লাভ নকৰা প্ৰয়োজনীয়তা খিনি বুজাৰ ক্ষেত্ৰত আমাৰ তীক্ষ্ণ দৃষ্টি। আমি ভাৰতীয় উপভোক্তা ইনচাইটৰ ওপৰত আধাৰ কৰি অধিক আৱিস্কাৰক সামগ্ৰী আগবঢ়াই আমাৰ বজাৰৰ নেতৃত্ব স্থিতি শক্তিশালী কৰাৰ বাবে আশাবাদী।”
এলজি ইলেক্ট্ৰনিক্স ইণ্ডিয়াৰ ৰুম এয়াৰ কণ্ডিচনাৰৰ ব্যৱসায়িক মুৰব্বী কুলভূষণ ভৰদ্বাজে লগতে কয়, “ভাৰত এলজিৰ বাবে এক কৌশলগত বজাৰ হৈ আহিছে, আৰু আমি বিক্ৰী সেৱা নেটৱৰ্কৰ পাচতে শক্তিশালী সামগ্ৰী পৰ্টফলিঅ’ বিশালভাবে আমাৰ উপস্থিতি শক্তিশালী কৰি আছো। H1-ত 1 নিযুতৰো অধিক বিক্ৰী কৰি, আমি নিশ্চিত যে ই ভাৰতীয় বজাৰত আমাৰ ভৰি অধিক শক্তিশালী কৰিব আৰু অধিক শক্তি দক্ষ সামগ্ৰীৰ লক্ষ্যৰে উপভোক্তাৰ প্ৰয়োজনীয়তা অনুসৰি আমাৰ সামগ্ৰী প্ৰদানত সহায় কৰিব। আমাৰ 2 টা ভাৰতীয় উৎপাদন সুবিধাই আমাক গ্ৰাহকৰ চাহিদা অনুসৰি উৎপাদন মিলাবলৈ সক্ষম কৰে আৰু মসৃণ যোগান নিশ্চিত কৰে। আমি এয়াৰ কণ্ডিচনিং শাখাত আমাৰ সামগ্ৰিক বজাৰ নেতৃত্ব শক্তিশালী কৰি যাম।”