বৃহস্পতিবাৰে নিশা ৯.১০ বজাত ৰাজস্তানৰ বাৰমেৰত ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনৰ দুজন পাইলট নিহত হয়।
বায়ুসেনাৰ তৰফৰ পৰা এই সন্দৰ্ভত কয় যে , “ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২১ বিমান প্ৰশিক্ষণৰ বাবে উত্তৰলাই বিমান বন্দৰৰ পৰা উৰা মাৰিছিল। নিশা প্ৰায় ৯.১০ বজাত বিমানখন ৰাজস্তানৰ বাৰমেৰত দুৰ্ঘটনাগ্ৰস্ত হয়।“
দুৰ্ঘটনাটোত নিহত হোৱা পাইলট দুজনৰ পৰিয়াললৈ বায়ুসেনাৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত পৰিয়াল কেইটাৰ লগত থকাৰ কথা ঘোষণা কৰিছে। দুৰ্ঘটনাটোৰ কাৰণ জানিবৰ বাবে বায়ুসেনাৰ তৰফৰ পৰা ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে ।
উল্লেখ্য যে , ১৯৬০ দশকত ভাৰত-চীন যুদ্ধৰ পিছত এই যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু পৰবৰ্তী পৰ্যায়ত ২০০৬ চনত এই যুঁজাৰু বিমানক মিগ-২১ লৈ উন্নিত কৰা হৈছিল।