আজি অনুষ্ঠিত হোৱা প্ৰথম সৰ্বভাৰতীয় আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত সমল ব্যক্তি হিচাপে উপস্থিত থাকি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই ন্যায় ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি কয় যে, দেশৰ অতি কম সংখ্যক লোকেহে ন্যায় বিচাৰি আদালতৰ কাষ চাপে। অধিকাংশ দেশৰ জনতাই সজাগতা আৰু প্ৰয়োজনীয় সুবিধাৰ অভাৱত ন্যায়ালয়ৰ কাষ নাচাপি নিৰৱে থাকে। জনতাক সক্ষম কৰাত প্ৰযুক্তিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
তেওঁ ন্যায়পালিকাক ন্যায় প্ৰদানৰ গতি অনাৰ ক্ষেত্ৰত প্ৰযুক্তিক আহিলা হিচাপে লৈ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই বৈঠকতে বিগত ৮ টা বছৰত কেনেদৰে দেশৰ ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰা হৈছে, তদুপৰি ই-আদালত ব্যৱস্থাৰ দ্বাৰা যানবাহন আইন উলংঘাৰ দৰে অপৰাধ সমূহৰ ক্ষেত্ৰত কেনেদৰে আদালতে ২৪ ঘন্টাৰ ভিতৰত কাম কৰিছে এই কথাও উল্লেখ কৰে।