দিল্লীৰ নতুন সুৰা নীতিক লৈ গৰম হৈ আছে ৰাজধানীৰ ৰাজনীতি। আম আদমী শাসিত দিল্লীত নতুন সুৰা নীতি ৰূপায়ন কৰাৰ পাছতেই সুৰাৰ বিপনি আৰু আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ইটোৰ পাছত সিটো তদন্তকাৰী সংস্থাৰ পৰা ভাবুকি লাভ কৰাত আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছদিয়াই। তেওঁৰ মতে দিল্লীত আৱকাৰী বিভাগৰ বৈধ নথি থকা সুৰাৰ বিপনিৰ বিপৰীতে একাংশ লোকক অবৈধ সুৰাৰ বিপনিৰ দ্বাৰা লাভাম্বিত কৰিবলৈ চেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই আৰু সেয়েহে তদন্তকাৰী সংস্থাৰ দ্বাৰা ভাবুকি প্ৰদান কৰি দিল্লীৰ আৱকাৰী বিভাগ আৰু সুৰাৰ বিপনিৰ মালিকক শংকিত কৰাৰ চেষ্টা কৰিছে।
Addressing an Important Press Conference | LIVE https://t.co/5dan85coFw
— Manish Sisodia (@msisodia) July 30, 2022
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি অৱকাৰী বিভাগৰ দ্বাৰা পৰিচালিত বিপনি খোলাৰ পোষকতা কৰিছে আপ চৰকাৰে। তেওঁৰ মতে পূৰ্বে ৮৫০ খন সুৰাৰ বিপনিৰ পৰা ৬,০০০কোটি টকা ৰাজহ সংগ্ৰহ কৰিছিল দিল্লী চৰকাৰে কিন্তু নতুন সুৰা নীতিৰ পাছত ৮৫০ বিপনিৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ৯,০০০ কোটি টকালৈ বৃদ্ধি হৈছে। কিন্তু বিগত কেইবাটাও দিনত তদন্তকাৰী সংস্থাৰ ধাৰাবাহিক ভাবুকিৰ পাছত বহু লোকে সুৰাৰ ব্যৱসায় ত্যাগ কৰাৰ ফলত দিল্লীত বৰ্তমান মাত্ৰ ৪৬৮ খন আছেগৈ।
बीजेपी का ज़हरीली-शराब मॉडल.
बीजेपी वाले excise policy बनाने में यक़ीन नहीं रखते सीधे ज़हरीली शराब बनाने में यक़ीन रखते हैं. https://t.co/optDc9a9D5
— Manish Sisodia (@msisodia) July 28, 2022
মন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে গুজৰাটত ভেজাল সুৰাৰ পান কৰাই মানুহৰ জীৱনৰ সৈতে হেতালি খেলা পৰিস্থিতিৰ দৰেই দিল্লীতো তেনে পৰিস্থিতি সৃষ্টি কৰিব বিচৰা হৈছে আৰু এইয়া দিল্লী চৰকাৰে কেতিয়াও হ’বলৈ নিদিয়ে সেয়ে দিল্লী চৰকাৰে চৰকাৰী বিপনিত সুৰা বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।