বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত, আগন্তক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে, প্ৰাথমিক পৰ্যায়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সোমবাৰে ৱাকাথন অনুষ্ঠান উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰ, বি.চি.এ.এচৰ ক্ষেত্ৰীয় নিৰ্দেশক সমানন্দ সিংকে ধৰি বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত সমূহ কৰ্মচাৰী।
কাৰ্যসূচী অনুসৰি পুৱা ৬ বাজি ৩০ মিনিটত বিমানকোঠৰ প্ৰাংগনৰ পৰা হাতত জাতীয় পতকা লৈ প্ৰায় দুকিলোমিটাৰ দূৰত্বলৈ পদযাত্ৰা কৰা হয়। এই পদযাত্ৰাৰ উদেশ্য বাখ্যা কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে, “কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত, ‘ঘৰে-ঘৰে তিৰংগা’ শীৰ্ষক বাৰ্তাক বাস্তৱাবিত কৰাৰ মানসৰে, বিমানকোঠৰ সমূহ সদস্যই ভাগ লৈছে আৰু আগন্তক স্বাধীনতা দিৱস উপলক্ষে, ৱাকাথনৰ পদযাত্ৰাৰ জড়িয়তে সকলোকে ঘৰে-ঘৰে তিৰংগা উৰোৱাবলৈ আমি সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ হাতত লৈছোঁ।”
আনহাতে,কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰে কয় যে ” যোৱাবছৰৰ পৰা দেশত পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতী ৰাখি আগন্তক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ‘হৰ ঘৰ ম্যে তীৰংগা‘ শীৰ্ষক শ্ল’গানৰ দ্বাৰা প্ৰত্যেক ব্যক্তিৰ হৃদয়ত দেশপ্ৰেম জগাই তোলাৰ বাবেই ৱাকাথনৰ আয়োজন কৰা হৈছে।”