দেশৰ সকলো টোলগে’ট আগন্তুক ৬ মাহৰ ভিতৰত বন্ধ হৈ যাব! ভাঙি পেলোৱা হ’ব টোল গেটসমূহ।সংসদত এই ঘোষণা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। টোলগেট মুক্ত কৰা হ’ব দেশ। ইয়াৰ বিপৰীতে আপুনি ৬০ কিলোমিটাৰৰ অধিক ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে একাউন্টৰ পৰা কটা হ’ব ধন। GPS প্ৰযুক্তিৰে পৰিচালিত হ’ব এই ব্যৱস্থা।
লগতে নীতিন গাডকাৰীয়ে কয় যে, নতুন প্ৰযুক্তিৰ সৈতে বাহন সমূহত নম্বৰ প্লেট প্ৰৱৰ্তন কৰাটো বাহন নিৰ্মাতাসকলৰ বাবে বাধ্যতামূলক কৰা হ’ব।
FASTag প্ৰৱৰ্তনৰ পিছত টোল ৰাজহ এদিনতে ১২০ কোটি টকালৈ বৃদ্ধি পাইছে। দেশত বৰ্তমানলৈকে কে ৫.৫৬ কোটি FASTag বৱহাৰ কৰা হৈছে।