মহানগৰীৰ নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হৈছে এক জঘন্য যৌন নিৰ্যাতনৰ ঘটনা। ৬০ বছৰীয়া এজন লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল এটি ৬ বছৰীয়া কন্যা শিশু।
ঘটনাৰ বিৱৰণ মতে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী নামৰ ৬০ বছৰীয়া লোকজনে কন্যা শিশুটিক ছিপছ দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ সময়তে শিশুটিৰ জ্যেষ্ঠ ভাতৃয়ে উক্ত ঘটনা প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী।
সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰ্যাতিত শিশুটিৰ পিতৃ-মাতৃয়ে নুনমাটি থানাত গোচৰ ৰুজু কৰিছে। এই গোচৰৰ আধাৰতে আৰক্ষীয়ে দ্বিজেন ৰামছিয়াৰীক আটক কৰিছে।