দেশত এইবাৰ ৩ দিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰো আহ্বান জনাইছিল। আৰু সেই আহ্বান মৰ্মে ৯ আগষ্ট, আজিৰে পৰা আৰম্ভ হৈছে ত্ৰিৰংগা যাত্ৰা। হাতত ৰাষ্ট্ৰীয় পতাকা লৈ আৰক্ষী জোৱান, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, মন্ত্ৰী-বিধায়ক আদি সকলোৱে ওলাই আহি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰ অভিযান চলাইছে।
উল্লেখ্য যে, এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এতিয়া চাহিদা বৃদ্ধি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ। দেশৰ লগতে অসমৰ বিভিন্ন ঠাইত নতুনকৈ গঢ় লৈ উঠিছে ত্ৰিৰংগা প্ৰস্তুত কৰা উদ্যোগ। দিল্লীতো ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে. পি. নাড্ডাই লালকিল্লাৰ পৰা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১১৫ ফুট ৰাষ্ট্ৰীয়া পতাকাৰ সৈতে ত্ৰিৰংগা যাত্ৰাত আগ-ভাগ লয়। দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণৰ আনন্দত দেশবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ প্ৰস্তুত হৈছে।