মনিপুৰৰ ইম্ফলত এজন ব্যক্তিৰ পৰা জব্দ কৰা হয় ৬৯ খন বিদেশী সোণৰ বিস্কুট। ব্যক্তিজনে চোৰাংকৈ থামনাপকপি নামৰ ঠাইৰ পৰা কাকচিং জিলালৈ এখন ভানত কঢ়িয়াইছিল উক্ত সোণৰ বিস্কুটসমূহ। মঙলবাৰে সন্ধিয়া চোৰাংকৈ বিদেশী মূল্যৰ সোণৰ বিস্কুট সৰবৰাহ কৰোতে ইম্ফলৰ শুল্ক বিভাগে জব্দ কৰে সোণৰ বিস্কুট। জানিব পৰা মতে, উক্ত সোণৰ বিস্কুটখিনিৰ মুঠ ওজন ১১.৪৫৪ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰমূল্য ৬,০২,৯৬,৬৪৪ টকা (প্ৰায় ৬.০২ কোটি)।
তথ্য মতে, চোৰাং সৰবৰাহকাৰী ব্যক্তিজনক কাষ্টম আইনৰ অধীনত ইতিমধ্যে আটক কৰা হৈছে। আটকাধীন ব্যক্তিজন ৪২ বৰ্ষীয় ৱাহিদুৰ ৰহমান আৰু তেওঁ থৌবাল জিলাৰ লাইলুং হাউৰেইবি মায়াই লেইকাই নামৰ ঠাইৰ বাসিন্দা।
কাষ্টমছৰ চোৰাংচোৱাই থামনাপকপি অঞ্চলত সোণৰ চোৰাং ব্যৱসায় সন্দৰ্ভত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তালাচী চলাই থকা অৱস্থাত লাইচেঞ্চবিহীন এখন ভানক বাধা দিছিল।ভানখনৰ চালক ৱাহিদুৰে সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰাত ভানখনৰ চালকৰ লগতে আন দুজন যাত্ৰীক পূব ইম্ফলৰ চাংগাখামত অৱস্থিত শুল্ক কাৰ্যালয়লৈ লৈ যোৱা হয় যদিও পিছত যাত্ৰী দুজনক যাব দিয়া হয়।