এতিয়াৰে পৰা যদি কোনো ৰাজনীতিবিদ দোষী সাব্যস্ত হয় তেন্তে তেওঁ জীৱনলৈ খেলিব নোৱাৰিব নিৰ্বাচন! ৰাজনৈতিক দলৰ সদস্য হোৱাটো নিষিদ্ধকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইতিমধ্যে বুধবাৰৰ পৰা আৰম্ভ হৈছে শুনানি। দোষী সাব্যস্ত ৰাজনীতিকক জীৱনলৈ নিষিদ্ধকৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল হৈছে জন স্বাৰ্থজড়িত আৱেদন। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰে গঠিত খণ্ড বিচাৰপীঠে আৰম্ভ কৰিছে শুনানি। আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছে অধিবক্তা অশ্বিনী উপাধ্যায়ে।
অন্যহাতে, কেন্দ্ৰই ২০২০ চনতে এই সন্দৰ্ভত হোৱা এক শুনানিত নিজৰ স্থিতি প্ৰকাশ কৰি থৈছিল। কেন্দ্ৰীয় চৰকাৰে কৈছিল – Representation of People’s Act 1951 অনুসৰি শাস্তিৰ ম্যাদৰ পিছত ৬ বছৰৰ নিষিদ্ধকৰণ যথেষ্ট। অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ দি এমিকাচ কুইৰী বিজয় হানছাৰিয়াই কয় – ম্যাদৰ পিছত ৬ বছৰৰ আঁতৰি থাকিল; কিন্তু তাৰ পিছত আইন ভংগ কৰা জন আইন প্ৰণয়ন কৰিব পৰা হৈ পৰে।
উল্লেখযোগ্য যে, দোষীক জীৱনৰ পৰা নিৰ্বাচন খেলা বা ৰাজনৈতিক দলৰে জড়িত হোৱাত বাধা প্ৰদান কৰাৰ ধাৰণাৰ সমৰ্থন নকৰে কেন্দ্ৰীয় চৰকাৰে।