স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান চলি আছে আৰু এই অভিযানত ভাগ লোৱা সকলে ইয়াৰ প্ৰমাণ পত্ৰও ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় পতাকা খন উৰুৱাব লাগে বা ঘৰত প্ৰদৰ্শন কৰিব লাগে আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ ফটো (ডিপি) ত্ৰিৰংগালৈ সলনি কৰিব লাগে।
১৩ আগষ্টৰ পৰা ১৫ আগষ্ট ২০২২ লৈ পতাকা উত্তোলন কৰা লোকসকলে হৰ ঘৰ ত্ৰিৰংগা প্ৰমাণপত্ৰ লাভ কৰিব। চৰকাৰে এনে দেশপ্ৰেমী নাগৰিকসকলক স্বীকৃতি দিব। সংস্কৃতি মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ জাৰী কৰিব। কৰ্তৃপক্ষই হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰু ইয়াৰ প্ৰমাণপত্ৰ সম্পৰ্কীয় নাগৰিকসকলক সকলো গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিবলৈ harghartiranga.com এটা পৰ্টেল মুকলি কৰিছে।