গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰি তেওঁ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে ছহিদক স্মৰণ কৰি ৰাজ্যবাসীক সম্বোধন কৰে। ভাৰত ত্যাগ আন্দোলনৰ কথা সোঁৱৰি জ্যোতি প্ৰসাদৰ কালজয়ী কবিতা- বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই/ক্ষুব্ধ জন-দেৱতা জাগিলে/ জাগিলে ধৰ্ষিত-দলিত আত্মা/ যিবা আছিল শুই/ বিজুলী প্লাৱনে বিয়পি পৰিলে/ সেনানীৰ আহ্বান/ পূবৰে-পছিমে ৰজন্জনালে অগ্নিকবিৰ গান।
Live from State Function of 76th #IndependenceDay at Vaterinary College Field, Khanapara https://t.co/kJoL3ydqgL
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 15, 2022
ৰাজ্যবাসীক সম্বোধন কৰি তেওঁ কয় য়ে, ভাৰতীয় সভ্যতা পৃথিৱীৰ সভ্যতাসমূহৰ ভিতৰত পুৰণি সভ্যতা। তেওঁ এই প্ৰসংগত মহেঞ্জোদাৰো, হৰপ্পাৰ সভ্যতাৰ কথা উল্লেখ কৰে। বেদ, উপনিষদ, মহাকাব্যৰ অৱদান আমাৰ সমাজ যথেষ্ট বুলি কৈ তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ বিষয়ে উল্লেখ কৰে। স্বাধীনতা সংগ্ৰামৰ কথা উল্লেখ কৰিবলৈ গৈ ১৮৫৮ চনত মণিৰাম দেৱান, পিয়লি বৰুৱাক ফাঁচি দিয়াৰ কথা উল্লেখ কৰি তেওঁলোকৰ সংগীসকলক আন্দামানৰ জে’ললৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ কয় যে, ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এই বছৰ ১ হাজাৰ অসমীয়া যুৱকক আন্দামানৰ সেই বিখ্যাত কাৰাগাৰখন পৰিদৰ্শন কৰিবলৈ প্ৰেৰণ কৰিব যাতে তেওঁলোকে স্বাধীনতা সংগ্ৰামৰ জীৱন্ত প্ৰেৰণা লাভ কৰিব পাৰে।
আনহাতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্ত আৰু কাৰ্যসূচী সমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৪ হাজাৰ উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যম কৰা হ’ব। ইতিমধ্যে ১০ হাজাৰ পকীপথ নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে অসম চৰকাৰ। কৃষি, অৰ্থনৈতিক ক্ষেত্রত অসমক আত্মনিৰ্ভশীল কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰি কৃষি ক্ষেত্ৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰো কথা ঘোষণা কৰে। ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বৃহৎ নিযুক্তিৰ পৰীক্ষাৰ কথা উল্লেখ কৰি ১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ কথাও ঘোষণা কৰে।