• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি…

সৌৰভ কুমাৰ দাসৰ চিঠি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 7, 2022
in সংবাদ, অসম
1 min read
0
গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি…
Share on FacebookShare on Twitter

গুৱাহাটীৰ কেউদিশে বানৰ কল্লোল। আগতে নেদেখা সৰ্বকালৰ অভিলেখ ভংগ কৰা এইবাৰৰ বান। মানৱ সম্পদৰ লগতে অনেক আর্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক জুৰুলা কৰিছে। এই বানৰ বাবে ব্যক্তি বিশেষে আৰু ৰাইজনৈতিক দলবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গুৱাহাটী পৌৰ নিগম, স্থানীয় বিধায়ক, মন্ত্ৰী আৰু চৰকাৰক। এওঁলোকৰ মতে চৰকাৰেহে বানপানীৰ সৃষ্টি কৰিছে বা বানপানীৰ বাবে চৰকাৰ দায়ী। যদি সেয়ে হয়, তেন্তে ক’ব লাগিব আগৰ অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰো তাৰ বাবে দায়ী। আজি বিপক্ষত বহি চিঞৰ বাখৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰাৰ যি নিৰ্লজ্য প্ৰয়াস তাক এবাৰ ভাবি চাওঁকচোন তেওঁলোকৰ শাসন কালতো যে বানপানীয়ে গুৱাহাটীবাসীক জ্বলা ক’লা খুৱাইছিল।

গুৱাহাটীৰ বান সমস্যৰ বাবে যিদৰে চৰকাৰী যন্ত্ৰবোৰ দায়ী, ঠিক তেনেদৰে আমি নাগৰিকবোৰো কম দায়ী নহয়। আমাৰ আত্মকেন্দ্ৰিক স্বভাৱ আৰু স্বাৰ্থপৰতাও তাৰ বাবে দায়ী। প্রকৃতিক ৰক্ষা কৰি আমি কিমান জনে ঘৰ বনাইছো? প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ গলে ধ্বংস অনিবার্য। আজি সেইটোৱেই হৈছে। প্ৰকৃতিক যদি প্ৰকৃতিৰ মতে চলিবলৈ দিলোহেতেন, আজি গুৱাহাটীৰ এই দুৰৱস্থা নহ’ল হেতেঁন। হাজাৰ বছৰ আগতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই দেখোৱাই যোৱা আদর্শ নগৰ প্ৰণালীক তিলমানো অনুকৰণ কৰিবলৈ সক্ষম নহ’লো।

এতিয়া কোনেও কাকো সমালোচনা কৰাৰ সময় নহয়। গুৱাহাটীৰ বানপানীৰ সমস্যা কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে। কাৰণ –

১.  চানমাৰিৰ পৰা গনেশগুৰিলৈ তাহানি কেৱল চিৰিয়াখানা আৰু তাৰ বিপৰীতে বৰফ বনোৱা ফেক্টৰীটোৰ বাহিৰে দুয়োফালে কেবল জলাশয় আছিল।

২. গণেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া, কাহিলীপাৰা, সৰুসজাই, বেতকুছি, বৰাগাঁও, গড়চুক উন্মুক্ত খেতিপথাৰ আছিল।

৩.  নাৰেঈীৰ ওচৰৰ বৰবাৰীৰ পৰা চচলহৈ ছয়মাইললৈ কেৱল ধানখেতি কৰা পথাৰ আৰু পিতনি আছিল। VIP Road টো নাছিল। বৰবাৰীৰ পৰা হেঙেৰাবাৰীলৈ শিল-মাটিৰ লুংলুঙীয়া কেচা পথ আছিল। পাহাৰৰ কাষে কাষে কাৰ্বি, বড়ো জনগোষ্ঠীৰ লোক সকলৰ বসতিস্থল আছিল। পথটোৰ তলফালে (দক্ষিণে) বিশাল খেতি পথাৰৰ বাদে জনবসতি নাছিল। আনকি Down Town ৰ পিছফালে বৃহত্তৰ অঞ্চল কেৱল পথাৰ-জলাশয় আছিল।

৪.  গুৱাহাটীৰ পূব দিশে বিস্তীর্ণ আৰু বিশাল শিলসাঁকো বিল পুঁতি এতিয়া শেষ অবস্থা। চাৰিওফালে অবৈধ দখল। হেঙেৰাবাৰীৰ পৰা পাব্লিক হেলথহৈ গনেশগুৰিলে গোটেইখন জলাশয় আৰু পথাৰ আছিল।

৫.  নুনমাটিৰ মথঘৰীয়াৰ পৰা গীতানগৰহৈ জুবোড তিনিআলিলৈকে বিস্তীর্ণ অঞ্চল জলাশয় আৰু খেতি পথাৰেৰে আবৃত্ত আছিল।

৬.  ৰাজগড় ৰোডৰ চানমাৰিৰ পৰা ভঙাগড়লৈ দুয়োফালে বহুল খাৱৈ আছিল।

৭.  খৃষ্টান বস্তিৰ পৰা ভঙাগড়লৈ ৰাস্তাৰ দুয়োফালে পানী মেটেকাৰে ভৰা পিতনি আছিল।

৮.  ভঙাগড় চাৰিআলিৰ পাহাৰৰ ওপৰত থকা মেডিকেললৈ ঠেক আৰু কিবাকৈ দুখন গাড়ী অতিক্ৰম কৰিব পৰা সৰু ৰাস্তা আছিল। দুয়োফালে বিল আকাৰৰ পানী মেটেকাৰে ভৰা বৃহৎ পিটনি আছিল। বাৰিষাৰ পানী ধৰি ৰাখিব পৰা এই বৃহৎ পিটনিৰ ওপৰতে এতিয়া বিশাল মেডিকেল কলেজ হস্পাতাল আৰু বাওঁদিশে (পশ্চিমে) নতুনকৈ সৃষ্টি হোৱা Super Speciality আৰু কেঞ্চাৰ হস্পাতাল।

৯.  শ্ৰীনগৰ, তৰুণ নগৰকে সামৰি বৃহৎ অঞ্চলটো কেৱল জলাশয় আছিল।

১০.   চানমাৰিৰ পৰা গান্ধীবস্তি হৈ গুৱাহাটী ৰেইল ষ্টেচনৰ প্ৰায় কাষলৈ দুয়োফালে দ জলাশয় আছিল।

১১.  শাস্তিপুৰৰ পৰা ভূতনাথ, দুর্গাসৰোবৰ হৈ কামাখ্যা গেটৰ ৰেইল লাইনৰ বাওঁফালে (দক্ষিণ দিশ) দ মেটেকাৰে পৰিপূর্ণ বিশাল বিল আৰু বৃহৎ পুখুৰীও আছিল।

১২.  মালিগাঁওৰ কাষতে থকা গোটানগৰ, পদুমবড়ী অঞ্চলত বৃহৎ খেতি পথাৰ আছিল।

১৩.  কামাখ্যা ৰেইল ষ্টেচনৰ পিছফালে (কেন্দ্রীয় বিদ্যালয়ৰ পিছফালে) থকা কেইবা বর্গ কিলোমিটাৰ এখন ডাঙৰ বিল আছিল।

১৪.   জালুকবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোটানগৰ, তেতেলীয়, দীপৰ বিলৰ এটি বৃহৎ অংশ, বশিষ্টলৈকে কেৱল খেতি পথাৰ আছিল৷

১৫,  বেলতলাত ৰাণীৰ ঘৰৰ কাষত মুষ্টিমেয় কেইঘৰমান মানুহৰ বাহিৰে বাকী অঞ্চল খেতি পথাৰ আছিল।

১৬.  মালিগাঁওৰ বড়িপাৰাৰ পৰা জালুকবাৰীৰ ৰেইল লাইনৰ কাষলৈকে মছজিদটো আৰু কেইঘৰমান মানুহক বাদ দি গোটেইখিনি পানী মেটেকাৰে ভৰা পিটনি আছিল।

১৭. বৰ্তমানৰ আদাবাৰী বাছ আস্থানটো স্থাপন কৰাৰ আগতে সেই অঞ্চলটো বহু অঞ্চল জুৰি বিল আছিল। বাৰিষাৰ পানী গৈ তাত জমা হৈছিল। প্ৰথম অৱস্থাত আস্থানটি গুৱাহাটীৰ ভিতৰতে এটি সুন্দৰ আৰু কাকত জিলিকাকৈ সজাই পৰাই নির্মাণ কৰিছিল। আমাৰ সচেতনতা আৰু স্বভাৱৰ দুখত এতিয়া জঘন্য আৰু কদর্যময়। এতিয়া অসৎ মানুহৰ আদ্দা, চুৰ, ঠগ প্রবঞ্চকৰ মাটিত পৰিণত হৈছে

১৮. জালুকবাৰীৰ চাৰিআলিত যেতিয়া উৰণীয়া সেতু নাছিল, তেতিয়া তাৰ কাষতেই অসম আৰ্হিৰ ঘৰৰ পুলিচ থানাখন আছিল। তাৰ পিছফালৰ পৰা গোটেইখন দ খেতি পথাৰ আছিল। শৰাইঘাট দলঙলৈ যোৱা পথটোৰ সোফালে দ খাৱৈ আছিল য’ত বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (দাস)ৰ  অসম আৰ্হিৰ ঘৰ আৰু ২/১ ঘৰ মানুহৰ বাহিৰে কোনো নাছিল। অজন্তা নেওগ (দাস)ৰ  দেউতাক প্ৰয়াত চচধৰ দাস  আৰু মাতৃ ৰেৱতী দাস এই সমষ্টি এম. এল. এ আছিল। বিশাল খেতিপথাৰৰ সৈতে মৰাসুঁতিটো পুটি তাত মহানগৰলৈ পানী যোগানৰ Plant বহোৱা হৈছে।

১৯. গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষত দুটি বিশাল পুখুৰী আছিল। তাক আমি ফিচাৰী বুলি কৈছিলো। উৰণীয়া সেতু নির্মাণ কৰি পুখুৰী দুটা পুটি পেলোৱা হল। সমাধিক্ষেত্ৰৰ ৰাস্তাৰ কাষৰ পশ্চিম কোণৰ পোষ্ট অফিচৰ পৰা (এতিয়া ভাঙি পেলোৱা হৈছে) অতিথিশৈলাৰ বিপৰীত দিশত থকা ঘৰবোৰৰ প্ৰত্যেকৰে সন্মুখত একোটিকৈ পুখুৰী আছিল। তাত বাৰিষাৰ পানীবোৰ গৈ পৰিছিল বিশ্ববিদ্যালয়ৰ মাৰ্কেটখনৰ পিছফালে দুটামান হোষ্টেলৰ বাদে গোটেইখন খেতি পথাৰ আছিল। বাৰিষাৰ পানী এই পথেৰেদি গৈ ব্ৰহ্মপুত্ৰক কাষৰ মৰাসুঁতিটোত পৰিছিলগৈ। এতিয়া সেই পথাৰ বিল পুটি ৰাষ্ট্ৰীয় ঘাইপথ (বাইপাছ) নিৰ্মাণ কৰা হল। বাৰিষাৰ পানী ওলাই যোৱাত বাধাৰ প্ৰাচীৰ হল।

২০.  ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলংৰ উত্তৰে বাওঁদিশে (পূৱে) আমিনগাঁওৰ গোটেই অঞ্চলটো বিস্তীর্ণ এলেকা দ় পিটনিৰ বাদে একো নাছিল। পশ্চিম দিশে তলত এখন আশ্ৰম আৰু এখন শ্মশান আৰু নিশা হ’লে এভাৰ আৰু ভয়াল ঠাই আছিল।

এতিয়া এইবোৰৰ অস্তিত্ব নাই। বিল, পিটনিৰ ঠাইত উদ্যোগ, অট্টালিকা। আজি উপৰোক্ত প্ৰতিটো অঞ্চলৰ আগৰ অস্তিত্ব নাই। কতো খালী ঠাই নাই। কেবল জন অৰণ্য, সকলো পুতি পেলোৱা হ’ল। অপৰিকল্পনা, দুৰদর্শীতাহীন ভাৱে ঘৰ সজা হ’ল। ৰাস্তা কিমান বহুল হ’ব, নলাৰ বাবে কিমান বহুলকৈ মাটি এৰি দিয়া হ’ব তাৰ কোনো পৰিকল্পনা নেহোৱাকৈ পৌৰ নিগমে ঘৰ বনোৱাৰ অনুমতি দিলে।

এতিয়া নলাবোৰ পানী যাবলৈ বনোৱা নহয়। কেৱল জাৱৰ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে ব্যৱহাৰ হয়। ভাবি চাওকচোন, গোটেই গুৱাহাটীৰ বাৰিষাৰ পানী এসময়ত সুন্দৰকৈ গৈ দীপৰ বিলত পৰিছিল। আজি কোনে বাধা দিছে। আমিবোৰেই নহয় জানো? সেয়ে কওঁ, গুৱাহাটীৰ বানপানীৰ জটিল সমস্যা কংগ্ৰেছ চৰকাৰেই হওঁক, অগপ চৰকাৰেই হওঁক, ভাজপা চৰকাৰেই হওঁক বা ভবিষ্যতে কোনো নতুন দলৰ চৰকাৰ আহক কোনেও সমাধান কৰিব নোৱাৰে, কাৰণ চৰকাৰৰ অনুমতি সাপেক্ষে মিয়াদী মাটিত সজা ঘৰ, অট্টালিকা, উদ্যোগ, ব্যবসায়, শিক্ষানুষ্ঠানবোৰ জানো উচ্ছেদ কৰিব পাৰিব? নিশ্চয় কোনো চৰকাৰে নোৱাৰে।

একমাত্র উপায়-কলকাতা মহানগৰৰ দৰে গুৱাহাটীৰ প্ৰতিটো পথৰ তলত বৃহত RCC Drain বনাই ওপৰটো ধালাই কৰি পানী সৰকিব পৰা চাকনি লগাই দি নলাবোৰ সংলগ্ন কৰি ভৰলু-শিলসাঁকোৰ (এইখন বোন্দাৰ শ্লুইচ গেটেৰে ব্ৰহ্মপুত্ৰলৈকে) সৈতে সংযোগ কৰক। ভৰলু-শিলসাঁকো আৰু বাহিনী নৈৰ দুয়োফালৰ অবৈধ দখল উচ্ছেদ কৰি প্রয়োজন হলে ম্যাদী মাটি হ’লেও উপযুক্ত ক্ষতিপূৰণ দি চৰকাৰে ক্ৰয় কৰি তিনিগুণ বহন আৰু দকৈ খান্দি শ্লুইচ গেটেৰে বিশাল পাম্প ব্যৱহাৰ কৰি সিঁচি ব্ৰহ্মপুত্ৰত পেলাওঁক। বৰিপাৰাৰ উৰণীয়া সেতুৰ তলৰ পৰা পাণ্ডুৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ যোৱা পুৰণি ৰেইল পথটো আৰু উজানবজাৰৰ পুৰণি ৰেইল যোৱা পথটোৰ মাটি খিনিৰ তলেৰে গভীৰ আৰু বিশাল পকী নলা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰিলে (ইয়াত শ্লুইচ গেট থাকিব লাগিব) কৃত্রিম বানৰ পৰা বহুখিনি সকাহ পোৱা যাব।

প্রয়োজন হ’লে গুলাহাটীৰ IIT ৰ বিশেষজ্ঞৰ সহায় লওক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীর্ণ হৈ বৰ্তমান অসম চৰকাৰৰ অধীনত কাম কৰা অভিযন্তাসকলৰ Skill সম্পূর্ণৰূপে ব্যৱহাৰ কৰাওক। গুৱাহাটী বানপানীৰ সমস্যাটোৰ উপৰোক্ত সমাধানটি অতি ব্যয়বহুল। ৰাইজৰ কৰ কাটল বা চৰকাৰৰ ৰেডিনিউৰে সম্ভৱ নহয়। বিশ্ব বেংক, এছিয়ান ডেভেলপমেন্ট বেংক অথবা কেন্দ্রীয় চৰকাৰৰ পুঁজিৰ সহযোগত এই দীৰ্ঘম্যাদী সমস্যাটি চিৰদিনলৈ সমাধান হ’ব বুলি ভাবো।

বিঃ দ্ৰঃ উপৰোক্ত অঞ্চলৰ বাহিৰে গুৱাহাটীৰ তেনেকুৱা বহু অঞ্চল আছে, সংক্ষেপতে উল্লেখ কৰা সম্ভৱ নহয়। আন সদাশয় ব্যক্তিয়ে উল্লেখ কৰিলে আমিও নজনা কথাৰ সম্ভেদ পাম। এই জটিল সমস্যাটোক বর্তমান সময়ত কোনেও ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱা উচিত নহয়। অতীতৰ ভুল খুচৰি থাকিলে বৰ্তমানৰ সমস্যা সমাধান নহয়।

দূৰভাষঃ ৮১৭০০১৭০০৯

Previous Post

দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!

Next Post

অসমৰ বানাক্ৰান্তৰ বাবে কেন্দ্ৰই মোকলাই দিলে ৩২৪.৪০ কোটি টকা!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

অসমৰ বানাক্ৰান্তৰ বাবে কেন্দ্ৰই মোকলাই দিলে ৩২৪.৪০ কোটি টকা!

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8