আজি খগেন মহন্তদেৱৰ ওপজা দিন। গীতিকাৰ, সুৰকাৰ, গায়ক খগেন মহন্তদেৱৰ ১৯৪২ চনৰ আজিৰ দিনটোতে, অৰ্থাৎ ১৭ আগষ্টত নগাঁৱত জন্ম হৈছিল।
পাৰৰ পাখিত গাঠি দিলো (বিহুগীত), জোনটি ওলালে তৰাটি ওলাব, এজাৰ ফুলা দেখিলে বেজাৰ কিয় কৰ, মা আমি শদিয়ালৈ যামেই আদি গীত অসমবাসীক উপহাৰ দি গৈছে খগেন মহন্তই। তেখেতে আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লৈছিল। তেওঁ শৈশৱতে পিতৃৰ পৰা নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন, সত্ৰীয়া নৃত্য আদিৰ শিক্ষা গ্ৰহণ কৰিছিল।
২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল খগেন মহন্তই। মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনাও কৰিছিল তেওঁ। শকুন্তলা চিনেমাত অভিনয় কৰাৰ উপৰিও ৰেডিঅ’ ডুকুমেণ্টৰী ‘লিজেণ্ড অৱ লোহিত’ৰ বাবে সন্মানীত হৈছিল তেওঁ।