আজি পবিত্ৰ জন্মাষ্টমী। ৰাজ্যৰ সকলো প্ৰান্ততে জন্মাষ্টমী উপলক্ষে কৃষ্ণ ভক্তিত নিমজ্জিত হৈছে ভক্তপ্ৰাণ ৰাইজ। সত্ৰ, নামঘৰ সমূহ পুৱাৰ পৰাই বিভিন্ন নাম, প্ৰসংগৰে মুখৰিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত আজিৰে পৰা দুদিনীয়াকৈ জন্মাষ্টমীৰ উপলক্ষে বাৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
একেদৰেই শ্ৰীকৃষ্ণৰ লীলা, মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্যে বহু স্থানত নাট মঞ্চস্থৰো ব্যৱস্থা কৰা হৈছে। মহানগৰীৰ ইস্কনকে ধৰি কেইবাটাও নামঘৰত বিভিন্ন কাৰ্যসূচীৰ লগতে ভাগৱত পাঠ আয়োজন কৰা হৈছে। সত্ৰ নগৰী মাজুলী, ঢেকীয়াখোৱা, আঠখেলীয়া, বৰপেটাকে ধৰি উল্লেখযোগ্য সত্ৰ, নামঘৰসমূলৈ পুৱাৰে পৰা অগণন ভক্তৰ আগমণ ঘটিছে।