অসম-মেঘালয়ৰ সীমা-সমস্যা সন্দৰ্ভত জনতা ভৱনত দেওবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে মন্ত্ৰী অতুল বৰা, পিযুষ হাজৰিকাৰ উপিৰও অন্য় একাংশ বিষয়াও উক্ত বৈঠকত উপস্থিত থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মেঘালয়ৰ সৈতে ৰাজ্যিক সীমা বিবাদ সমাধানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৬ টা বিবাদিত এলেকাৰ সমস্যা সমাধানৰ বাবে সন্মত হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে আন ৬ টা এলেকাৰ সমস্যা সমাধান কৰা হৈছিল।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই বিবাদিত এলেকা সমূহ মেঘালয়ৰ ৩ খন জিলাত অৱস্থিত। ইয়াৰ বাবে এখন আঞ্চলিক সমিতি গঠন কৰা হ’ব।
Glad to share that Assam & Meghalaya will form 3 Regional Committees headed by Cabinet Minister from both States to resolve boundary disputes in 6 remaining areas of differences. This was decided during my 9th meeting with my Meghalaya counterpart Shri @SangmaConrad ji. pic.twitter.com/HJW3Fgh2WW
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 21, 2022
তেওঁ কয় যে, অহা ১৫ দিনৰ ভিতৰত এখন আঞ্চলিক সমিতি গঠন কৰা হ’ব আৰু এই সমিতিখনে বিতৰ্কিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব, স্থানীয় লোকসকলৰ সৈতে কথা পাতিব আৰু উপযুক্ত সমাধান বিচাৰি উলিওৱাত সহায় কৰিব,। বিশেষকৈ অসমৰ কাৰ্বি আংলং জিলা সন্দৰ্ভত কিছু সমস্যা আছে, সেয়েহে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিও সমিতিখনত থাকিব, লগতে দ্বিতীয় পৰ্যায়টো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আছে।
আনহাতে এই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে, এই বিবাদিত এলেকা সমূহৰ সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত আছে। আৰু এই প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আগবাঢ়ি আছে।