আজি পুৱা ১১ বজাত ৰে’লৱে মানচিত্ৰত নাগালেণ্ডৰ সৈতে অৰুণাচলৰ পোনপটীয়া সংযোগ স্থাপনৰ এক যাত্ৰা আৰম্ভ হ’ব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিয়’ই ফ্লেগ অফ কৰি মুকলি কৰিব ডিমাপুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ শ্বুকভিৰ পৰা নাহৰলাগুনলৈ চলাচল কৰিব লগা ১৫৮১৭/১৫৮১৮ ডনী পল এক্সপ্ৰেছখন। এই অনুষ্ঠানত উত্তৰ পূব ৰে’লৰ মহাপ্ৰৱন্ধক আৰু লামডিং মাণ্ডলিক প্ৰৱন্ধককে ধৰি বহু ৰেল বিষয়া আৰু বিশিষ্ট লোক উপস্থিত থাকিব।
উল্লেখ্য যে, উত্তৰ পূৱ ৰে’লৰ অন্তৰ্গত ডিমাপুৰৰ পিছতে শ্বুকভি নাগালেণ্ডৰ দ্বিতীয়টো প্ৰধান জংছন। য’ৰ পৰা মিজোৰাম আৰু গুৱাহাটীৰ মাজৰ ৰে’ল সেৱা নিয়ন্ত্ৰিত হয়। আজিৰ পৰা আৰম্ভ হ’ব লগা এই ৰে’ল সেৱাই নাহৰলাগুনৰ উপৰি গুৱাহাটী আৰু মিজোৰামকো সাঙুৰি লব। এই ৰে’ল যাত্ৰাৰ বাবে ১২ ঘন্টাৰ প্ৰয়োজন হ’ব। ইতিমধ্যে শ্বুকভি ৰে’ল ষ্টেচনত ডনী পল এক্সপ্ৰেছখন ফ্লেগ অফৰ বাবে সজাই তোলা হৈছে।