ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহছে জেহাদী কাৰ্যকলাপ। অলপতে অসম আৰক্ষীয়ে জেহাদীৰ লগত সম্পৰ্ক ৰক্ষা কৰি অহা কেইবা জনো শ্লীপাৰ চেলৰ লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি NIAই এই জেহাদীসকলৰ বিৰুদ্ধে প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰে।
NIA ৰ আদায়লতত অল কায়দা উপ-মহাদেশ (AQIS)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা ৮ জনক অভিযুক্ত কৰি এই চাৰ্জশ্বীট দাখিল কৰিছে। ইয়াৰ ভিতৰত ৭ জনেই হৈছে বৰপেটাৰ আৰু এজন জেহাদীক ত্ৰিপুৰৰা পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
NIAই চাৰ্জশ্বীট দাখিল কৰা এই জেহাদী কেইটা হৈছে ক্ৰমে ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান, নৌশ্বাদ আলী, মামুনুৰ ৰছিদ, ইমৰান হাচান, মুকবুল হুছেইন আৰু মুফটি চুলেমান।