বুধবাৰে নলবাৰীত থিয়েটাৰ ভাগ্যদেৱীৰ নাট উদ্ধোধন কৰে অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। ইফালে থিয়েটাৰ ভাগ্যদেৱী উদ্ধোধন কৰি সীমান্ত শেখৰে কয় যে কলা সংস্কৃতি আৰু চিনেমা উদ্যোগ হিচাপে আগবাঢ়ি যাব লাগিব।
টিকটৰ মূল্য বৃদ্ধিৰ ওপৰতো মন্তব্য কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট শুনিবলৈ পোৱা নাই বুলি কোৱাৰ লগতে কয় যে, যদিহে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট চলি আছে তেন্তে ই কলা সংস্কৃতিৰ বাবে অভিশাপ। তেখেতে কয় যে, কোনোৱে চাকৰিৰ নামত বা কলা সংস্কৃতিৰ নামত যদি চিণ্ডিকেট কৰে তেন্তে এক চেকেণ্ডত জেললৈ যাব লাগিব ব্যক্তিজনে।