ইউৰোপিয়ান ৰাজনীতি এক অস্থিৰ পৰিৱেশৰ মাজতেই বৃহস্পতিৰে মৃত্যু ঘটিল মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই মূ্ল্যবৃদ্ধি হৈছিল সকলো সামগ্ৰীৰ, মুদ্ৰাস্ফীতি ঘটিছিল ইউৰোৰ। তদুপৰি ৰাছিয়াই প্ৰাকৃতিক গেছৰ পাইপ লাইন বন্ধ কৰাৰ পাছত শক্তি সংকটতো ভূগিব ইউৰোপে অতি শীঘ্ৰেই।
তেনে সময়তেই মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ অন্তিম সন্মান প্ৰদৰ্শনৰ বাবে ৬ বিলিয়ন ইউৰো ব্যয় কৰাৰ কথা ব্যক্ত কৰিছে ৰাজ পৰিয়ালে। তদুপৰি ইউৰোৰ নতুন নোটত চপা কৰা হ’ব মহাৰজা চাৰ্লছৰ ছবি। এই সমগ্ৰ প্ৰক্ৰিয়াটোও যথেষ্ট ব্যয়বহুল।
উল্লেখ্য যে, বাকিংহাম ৰাজপ্ৰসাদে যোৱা কেইবাটাও বৰ্ষৰ পৰাই প্ৰস্তুত হৈ আহিছিল মহাৰাণীৰ মৃত্যুৰ পাছৰ আনুষ্ঠানিকতাৰ বাবে। লগতে মহাৰাণী এলিজাবেথলৈ সন্মান প্ৰদৰ্শন কৰি সকলো বেংক আৰু বানিজ্যিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে কেইবা মিলিয়ন ইউৰোৰ ক্ষতি হব ব্ৰিটেইনৰ।