গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ‘গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলে বিমানবন্দৰ চৌহদত প্ৰৱেশদ্বাৰৰ বাহিৰত এছ অ এছ সংযোগী পথৰ দাঁতিত সোমবাৰে ‘মণিকান্তা’ নামৰ এখন স্বাস্থ্যসন্মত খাদ্যৰ বিপনী মুকলি কৰিছে।
বিপনীখন মুকলি কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল বৰুৱাই নতুন খাদ্য বিপনীখনে যাত্ৰীকে ধৰি বিমানবন্দৰলৈ অহা – যোৱা কৰা লোকসকলৰ খাদ্যৰ অভাৱ দূৰ কৰিব পাৰি বুলি আশা ব্যক্ত কৰে। বিশেষকৈ মণিকান্তাৰ জনপ্ৰিয় আৰু দক্ষিণ ভাৰতৰ স্বাস্থ্য সন্মত দোচা , ইদলিৰ উপৰিও উপমা বিৰিয়ানীয়ে আকৰ্ষিত কৰিব পাৰিব বুলি সদৰি কৰে। অনুষ্ঠানত বৰঝাৰ বিমানবন্দৰৰ মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্ত, জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীকে ধৰি জি আই এ এলৰ কেবাজনো বিষয়া – কৰ্মচাৰী উপস্থিত থাকে।