চৰকাৰে নিযুক্তি কেলেংকাৰীৰ বিষয়টো বাহিৰলৈ ওলোৱাটো বিচৰা নাই বুলি মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে কয় যে, ভিক্টৰ দাসে কৈছে নামঘৰত কোন, বিজেপিয়ে কৈছে আমি কল খোৱা নাই। ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো ‘সৰিয়হৰ ডুলিতে ভুত ওলাইছে’ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক গগৈয়ে।
সঁচাই যদি ভিক্টৰ দাসে মিছা অভিযোগ উত্থাপন কৰিছিল, তেতিয়া হ’লে মিছা অভিযোগটোৰ ওপৰত গোচৰ দিব লাগিছিল কিন্তু তাৰ বিপৰীতে গোচৰ দিলে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ। এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে নিযুক্তি কেলেংকাৰীৰ বিষয়টো কোনোপধ্যে বাহিৰলৈ ওলোৱাটো বিচৰা নাই।’’
ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ অখিল গগৈয়ে কয় – ‘‘দলৰ সভাপতিৰ বিৰুদ্ধে তেওঁৰ নিজৰ সমষ্টিৰ এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ বিধায়কজনে পইচা বিচাৰিছে। এই গোটেই ঘটনাটোত শূন্য সহনশীল মন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিব লাগিছিল, অথচ তেওঁ সেয়া কৰা নাই। বৰ্তমান যে সৰিয়হৰ ডুলিতে ভুত ওলাইছে তাকেই যেন প্ৰমাণিত হৈছে।’’